March 18, 2025 1:21 PM

views 21

কাছাৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রীয়ে ২৬ কোটি টকা ব্যয় সাপেক্ষ শিলচৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। এছ এম দেৱ অসামৰিক চিকিৎসালয়ত ৫০ খন বিছনাযুক্ত ক্রিটিকেল কেয়াৰ ব্লক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পটোৰ মুঠ ব্যয় ২৪ কোটি টকা ধাৰ্য কৰা হৈছে।