January 21, 2026 7:50 PM

views 10

গৱেষক শিক্ষাৰ্থীৰ সহায়ক হোৱাকৈ অহা ১১ ফেব্ৰুৱাৰীৰ পৰা জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য বিতৰণ

গৱেষক শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গৱেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত গৱেষক শিক্ষাৰ্থীসকললৈ ২৫ হাজাৰ টকাকৈ আৰু দিব্যাংগ গৱেষক ছাত্ৰ-ছাত্ৰীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।

June 13, 2025 12:23 PM

views 80

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে আৱেদনৰ অন্তিম দিন ১৫ আগষ্ট

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ বাবে ১৫ আগষ্ট আবেদনৰ অন্তিম দিন ধার্য কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে উদ্বোধন কৰা এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক ২৫ হাজাৰ টকাৰ আৰু দিব্যাংগ গৱেষকসকলক ৪০ হাজাৰ টকাৰ এককালীন আর্থিক সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ অসমত থকা চৰকাৰী, ৰাজহুৱা বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ পূৰ্ণকালীন গৱেষক হ’ব লাগিব। ২০২৫ চনত পি এইচ ডিত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলেহে আঁচনিখনৰ সুবিধা লাভ কৰিব । আঁচনিখনে ৰাজ্যৰ শিক্ষাখণ্ডত নতুন যুগৰ সূচ...