February 22, 2025 7:16 PM

views 17

সৰুসজাইত ২৪ ফেব্ৰুৱাৰীত ঝুমইৰ বিনন্দিনী অনুষ্ঠান, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ সৰুসজাইত চলি থকা কেন্দ্ৰীয় আখৰাত ৰাজ্যৰ ৯ হাজাৰৰো অধিক শিল্পীয়ে ভাগ লৈছে। পৰহিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত  হ'বলগীয়া এই সৰ্ববৃহৎ ঝুমুৰ নৃত্য অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ উপস্থিত থাকিব। আজি এই উদ্দেশ্যে অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ জনগোষ্ঠী সম্প্রদায়ক বিশেষ গুৰ...