November 13, 2025 7:34 PM

views 23

গহপুৰত ৩৬,৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ৩৬ হাজাৰ ৮৩৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই তেওঁৰ ভাষণত কয়, যে ৰাজ্য চৰকাৰে বিগত ৪ বছৰত মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নি সবলীকৰণৰ বাবে নিৰন্তৰ কাম কৰিছে। বৰ্তমানৰ অসম চৰকাৰে গ্ৰহণ কৰা বহু আঁচনি দেশৰ আন আন ৰাজ্যসমূহেও অনুকৰণ কৰিছে বুলি মুখ্যমন্...