March 14, 2025 7:53 PM

views 21

শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা জিলাৰ শ্ৰীশ্ৰীপাটবাউসী সত্ৰত ১৯ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে পাটবাউসী সত্ৰৰ শ্ৰীশ্ৰীশংকৰদেৱ থানত নিৰ্মাণ কৰা সংগ্ৰহালয়টো মুকলি কৰে। ড০ শৰ্মাই শ্ৰীশ্ৰী শংকৰদেৱ থান, দেৱ দামোদৰ গুৰুৰ আদিধাম, চূণপোৰা ভিঠি থানত সেৱা আগবঢ়োৱাৰ উপৰি ইয়াৰ সৈতে জড়িত বহুকেইটা সৌন্দর্যবর্ধন আৰু উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বৰপেটাত পৰ্যটন আৰু তীর্থ ভ্ৰমণৰ সুবিধাৰ বিকাশৰ উপৰি সবল...