January 20, 2025 8:20 PM

views 19

দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতবিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। প্রকৃতিৰ অনৱদ্য অৱদানেৰে ভৰপূৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পর্যটনকে ...