June 22, 2024 8:47 PM

views 25

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লোকনিৰ্মাণ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এই বৈঠকত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিটো বিধানসভা সমষ্টিৰ নিৰ্বাচিত দুখনকৈ মাধ্যমিক বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।