March 4, 2025 9:43 AM March 4, 2025 9:43 AM

views 14

ৰাজ্যত ক্ৰমাৎ‍ অপৰাধমূলক ঘটনা হ্ৰাস পাইছে: মুখ্যমন্ত্রী

ৰাজ্যত ক্ৰমাৎ‍ হত্যা, ধর্ষণকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনা হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। গৃহ বিভাগৰ দায়িত্বত থকা ড° শৰ্মাই আইন-শৃংখলা সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত বিগত কেইবাটাও বছৰৰ অপৰাধমূলক ঘটনাৰ তথ্য দাঙি ধৰি গুৱাহাটী মহানগৰীত সংঘটিত ধৰ্ষণৰ ঘটনাসমূহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ টহল বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে। তদুপৰি বিভিন্ন হোটেল, বাৰ আদিত চকু ৰখাৰ উপৰি এনে ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত আইন সংগত ব্যৱস্থা লোৱা হৈছে ব...

October 9, 2024 7:07 PM October 9, 2024 7:07 PM

views 2

যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ শাৰদীয় দুর্গোৎসৱ

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক...

September 13, 2024 8:13 PM September 13, 2024 8:13 PM

views 7

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপৰ লগতে আধুনিক শিক্ষা পদ্ধতি গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিবঃ মুখ্যমন্ত্রী

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতি সমূহ গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে, প্রগতিশীল বিশ্বৰ পৰিৱৰ্তিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজকে চাকৰিৰ বজাৰখনত যোগ্য কৰি ৰখাৰ বাবে বিভিন্ন দক্ষতা আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰিৱৰ্তিত শ...

September 10, 2024 9:26 PM September 10, 2024 9:26 PM

views 9

জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে বিগত ৩ বছৰত ৰাজ্য চৰকাৰৰ ভালেমান পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰে বিগত ৩ বছৰত জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভূমি, সম্পদ তথা সংস্কৃতি সুৰক্ষিত নোহোৱালৈকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব। এনে প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে আবেদন জনোৱাসকলৰ নামত আধাৰ কার্ড জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰ...