April 10, 2025 11:53 AM

views 13

ভাৰতৰ মাজেৰে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশক দিয়া পৰিবহণৰ সুবিধা বাতিলৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰপ্তানিকৃত সামগ্রী বিভিন্ন দেশলৈ প্ৰেৰণৰ ক্ষেত্ৰত ভাৰতৰ মাজেৰে বাংলাদেশক দিয়া পৰিবহণৰ সুবিধা প্রত্যাহাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বার্থ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাকে প্রতিফলিত কৰিছে। এই পদক্ষেপে কৌশলগত আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰ সুৰক্ষিত কৰাৰ দিশত থকা চৰকাৰৰ দৃঢ় স্থিতিকো উপস্থাপন কৰিছে বুলি ড° শৰ্মাই প্ৰকাশ কৰে।