August 11, 2025 8:36 PM

views 18

বিটিআৰৰ লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিটিআৰৰ লোকসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিৰাঙত আজি মন্তব্য কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত ব্যস্ত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে প্রথমে বিটিআৰৰ ২৬টা জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। ভূমিৰ অধিকাৰ প্ৰদানৰ পাছতে উচ্ছেদ বিষয়ে চিন্তা-চৰ্চা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ আন প্ৰান্তত মিছন বসুন্ধৰা আঁচনি ৰূপায়ণৰ পাছতহে উচ্ছেদ অভিযান চলোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।