December 9, 2024 9:15 PM December 9, 2024 9:15 PM

views 15

শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ)ৰ জয়ন্তীত ৰাজ্যৰ বিভিন্ন স্থানত ভিন্ন কাৰ্যসূচী; মহান অসমীয়াজনলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

গদ্য সাহিত্যৰ জনক, মহাপুৰুষ দামোদৰ দেৱৰ শিষ্য শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৪৬৬ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ হিচাপে পৰিচিত এইগৰাকী পুৰোধাই অসমীয়া সমাজক আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে সাহিত্য সৃষ্টিৰে অৱদান আগবঢ়াইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষগৰাকীক প্ৰাতঃস্মৰণীয় ব্যক...