October 18, 2025 8:26 PM

views 17

ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ এঘাৰ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই বি পি এফ দলৰ চৰণ বড়োক মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয়, যে এন ডি এ বিকশিত অসমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। বড়োভূমিৰ শান্তি, প্ৰগতি আৰু সমাজৰ সকলো শ্ৰেণীৰ সমন্বয়ৰ বাবে সকলোৱে লগলাগি চেষ্টা...