September 27, 2024 6:37 PM

views 22

যোৰহাট-মজুলী সেঁতুৰ কাম বন্ধ হোৱাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ উদ্বেগ প্রকাশ

নির্মিয়মান যোৰহাট-মজুলী সেঁতুৰ কাম যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ থকা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উদ্বেগ প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে আজি পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীলৈ পত্ৰ লিখি সেঁতুখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ এখন পত্র লিখি তেওঁৰ হস্তক্ষেপ কামনাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। শ্ৰীশৰ্মাই এই কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ২০২৫ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে।