October 13, 2025 1:16 PM
22
মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ
ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিখনৰ প্ৰথম পর্যায়ত ১৮০ গৰাকী যুৱক-যুৱতীক জাপানী ভাষাত প্রশিক্ষণ, নিযুক্তি আৰু আর্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত-জাপানৰ সহযোগিতা বৃ...