November 7, 2025 11:23 AM

views 43

নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰহিলৈ নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰত কনিষ্ঠবল পদসমূহতো নিযুক্তি দিয়া হ'ব বুলিও জানিবলৈ দিয়ে। এই নিযুক্তিপত্ৰ বিতৰণৰ পিছদিনাই নতুনকৈ চাৰি হাজাৰ আৰক্ষীৰ পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। একেদৰে অসম প্ৰত্যক্ষ নি...