April 6, 2024 5:55 PM
13
আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত
আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলা চাহ বাগিচাত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমবেত ৰাইজক উদ্দেশ্যে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰিবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ২৬ বাৰ অসম ভ্রমণে অসমৰ বিভিন্ন পর্যটনক্ষেত্রসমূহ বিশ্...