March 30, 2025 3:35 PM

views 32

ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

◆ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অন্যতম প্রধান নগৰ-ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে। এই সম্পৰ্কত ডিব্ৰুগড়ৰ নাগৰিকসকলৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈৰ সহযোগত অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

March 21, 2025 10:43 AM

views 44

ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত অৱস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ইতিপূর্বে অসম মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা ডিব্ৰুগড়-কেন্দ্ৰিক সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত পৰ্যালোচনা কৰে। ড০ শৰ্মাই মানকাটা পথত ৰে'লৱে উৰণ সেতু, পল্টন বজাৰ হৈ গ্রাহাম বজাৰৰ পৰা অতিথিশালালৈ পথৰ উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় সন্মিলন কক্ষ, অসম চিকিৎসা মহাবিদ্যালয়ত বহুমহলীয়া কৰ...

January 27, 2025 8:55 AM

views 47

৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত আয়োজিত কার্যসূচীত ৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই ১৫৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথ উৰুণ সেতু, ৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, ৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰি ...

September 6, 2024 6:38 PM

views 65

ডিব্ৰুগড়ত ‘মুখ্যমন্ত্ৰীৰ সচিবালয়’ মুকলিঃ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰীসহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যান্য মন্ত্রী-বিধায়ক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...

September 5, 2024 6:32 PM

views 48

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থা...

September 5, 2024 6:29 PM

views 70

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

September 5, 2024 12:47 PM

views 40

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্রীৰ ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।