October 14, 2026 12:56 PM
19
ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু মাল্টি স্পৰ্টছ কমপ্লেক্স পৰিদৰ্শন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ সঠিক পৰিকল্পনা, বিভাগীয় সমন্বয় আৰু নিৰ্মাণৰ ক্ষেত্ৰত গুণগত মান অক্ষুণ্ণ ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰে। এই চৌহদত মূল বিধানসভা ভৱন, বিধায়ক আৱাস, ৮০০ আসন বিশিষ্ট প্রেক্ষাগৃহকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাসমূহ থাকিব। ড০ শৰ্মাই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে ই...