October 9, 2025 7:44 PM October 9, 2025 7:44 PM
106
নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়...