February 7, 2025 11:07 AM

views 12

জিলা আয়ুক্তসকলৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’ কনফাৰেন্সিংযোগে বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে এখন বৈঠকত মিলিত হয়। বৈঠকখনত অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে ধৰি ৰাজ্যৰ আৰ্থ- সামাজিক উন্নয়নত বিশেষ ভূমিকা থকা আঁচনিসমূহক লৈ আলোচনা কৰা হয়। জিলা আয়ুক্তসকলৰ পৰা ড০ শৰ্মাই আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিসমূহৰ দ্বাৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণ উপকৃত হোৱাটো সুনিশ্চিত কৰিবলৈ তেওঁলোকক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে জিলা অভিভাৱক...