July 30, 2024 7:09 PM

views 24

মুখ্যমন্ত্ৰী ডেছ বৰ্ডত মৰিগাঁও জিলা ষষ্ঠ স্থানলৈ উন্নীত

মৰিগাঁও জিলাই মুখ্যমন্ত্ৰী ডেছ বৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্রী ডেছ ব'ৰ্ডত থকা ১৬টা বিভিন্ন বিভাগৰ কাম-কাজ আৰু সেৱা মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটী অনুষ্ঠিত হোৱা আয়ুক্তসকলৰ সন্মিলনত এই কথা প্ৰকাশ কৰা হৈছে। পূৰ্বৰ ২৩ সংখ্যক স্থানৰ পৰা শীৰ্ষ ১০খন জিলা তালিকাত অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে মৰিগাঁও জিলাবাসী উৎফুল্লিত হৈ পৰিছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপ...