May 27, 2024 12:15 PM

views 40

পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই কালি পঞ্জাৱৰ ফৰিদকোট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তথা জনপ্রিয় কণ্ঠশিল্পী হংসৰাজ হংসৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয় । সভাত দিয়া ভাষণত ডº শৰ্মাই পঞ্জাৱৰ শাসনাধিস্থিত ভগৱত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, বৰ্তমানৰ পঞ্জাৱ চৰকাৰে মুঠ জিডিপিৰ ৪৭ শতাংশই ঋণ পৰিশোধৰ নামত খৰচ কৰিবলগীয়া হোৱাত জনকল্যাণমূলক আঁচনি ৰূপায়ণত ব্যৰ্থ হৈছে। তেওঁ লগতে কয় যে পূর্বে পঞ্জাৱ দেশৰ ভিতৰতে অন্যতম আদর্শ ৰাজ্য আছিল যদিও কংগ্ৰেছ আৰু আপৰ চৰকাৰৰ দিনত ৰাজ্যখনত আর্থিক অস্থিৰ...

April 27, 2024 6:26 PM

views 18

অসমৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত

ৰাজ্যখনৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমৰ ৫টা সমষ্টিত ৪টাতে জয়লাভ কৰিব বুলি আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত প্ৰচাৰ চলাই ড০ শৰ্মাই অনাগত দিনত নিৰ্বাচনত জয়লাভ কৰিলে বিজেপি চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ কাম সুচাৰুৰূপে চলাই নিব বুলি দাবী কৰে। কেইবাহাজাৰৰো লোক উপস্থিত ...

April 23, 2024 5:54 PM

views 28

অসমত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

ৰাজ্যত ২৬ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰূপহীত বিজয় সংকল্প সভাক সম্বোধন কৰি কয় যে অসমৰ ১৮ লাখ পৰিয়ালে প্রধানমন্ত্রী আবাস য...

April 19, 2024 5:51 PM

views 37

ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ টংলা আৰু নগাঁৱৰ ভোটাইগাঁৱত নির্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ভোটাইগাঁৱত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁৱৰ খেলপথাৰত আয়ো...