October 30, 2025 12:26 PM October 30, 2025 12:26 PM
19
ৰৈ ৰৈ বিনালে ছবিৰ জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
কাইলৈ মুক্তি পাবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এমাহত সংগ্ৰহ কৰা জি এছ টিৰ ধনৰাশি কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক ওভতাই দিয়া হ'ব। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনাৰ অন্তত শিল্পীগৰাকীয়ে প্ৰতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেছনক এই ধন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি দিশপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এইকথা প্রকাশ কৰে। ড° শর্মাই কয়, যে অসমত কোনো ছবিৰ বাবে মন...