December 12, 2025 8:09 PM

views 17

বিটিআৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ

বিটিআৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত বি টি আৰৰ ৫খন জিলাৰ ৪ লাখ ১২ হাজাৰ মহিলাক সামৰি লোৱা হৈছে। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত এই উপলক্ষে আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত অৰুণোদয় আঁচনিক ৰাজ্যৰ আটাইতকৈ বৃহৎ দৰিদ্ৰতা দূৰীকৰণ আঁচনি বুলি উল...