September 1, 2025 7:56 PM

views 12

জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা

ৰাজ্য চৰকাৰে যোৱা ২৭ আগষ্টত জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰা বুলি ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ আৰু বিধায়ক নিহাৰ ৰঞ্জন দাসে নিহত জোৱানগৰাকীৰ পৰিয়ালক সদৰি কৰিছে। উল্লেখযোগ্য যে যোৱা ২৭ আগষ্টত জম্মুৰ ডাৱৰ বিস্ফোৰণৰ সময়ত ৱাছটাৱাৰ ভাগি পৰাত জোৱানজনৰ মৃত্যু হৈছিল। সীমান্ত সুৰক্ষা বাহিনীয়ে পাছত তেওঁক ছহিদ ঘোষণা কৰিছিল।