October 4, 2025 6:23 PM

views 22

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথৰ ৩৮ হাজাৰ হিতাধিকাৰিক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ ৩৮ হাজাৰ হিতাধিকাৰিলৈ ১০ হাজাৰ টকাকৈ চেকযোগে বিতৰণ কৰে। বিশ্বনাথ সমষ্টিৰ প্ৰায় ৩৫ হাজাৰ গৰাকী আৰু বিহালী সমষ্টিৰ ৩ হাজাৰ গৰাকী গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ হিতাধিকাৰীক এই চেক বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে এই আঁচনিৰ জৰিয়তে ৩ হাজাৰ ৩৮ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আত্মসহায়ক গোটৰ ৮ মহ...