June 20, 2025 9:07 PM

views 42

নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিষ্ণুৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৭সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনৱদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজীয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত আজি নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয...