December 17, 2024 6:48 PM

views 20

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসমৰ মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰে। সপত্নীক দেশখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডº শৰ্মাই এই উপলক্ষে ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুক আৰু ভূটানৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ভাৰত আৰু ভূটান সভ্যতা কেন্দ্ৰিক সৌহার্দ্যপূর্ণ সম্পর্কৰে বান্ধ খাই আছে। অনাগত সময়ত দুয়ো দেশে পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখি উন্নয়নৰ শিখৰত উপনীত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে ভুটানে পাৰিপাৰ্শ্বিকতাক সকলো নীতিগত স...

December 17, 2024 11:35 AM

views 14

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিস্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰাজধানীত অনুষ্ঠিত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ শ্বেৰিং টবগে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন ২০২৫ৰ বাবে আমন্ত্রণ জনায়। উল্লেখযোগ্য যে থিঙ্কু বিমান বন্দৰত কালি মুখ্যমন্ত্ৰীগৰাকীক ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়...

December 16, 2024 8:15 PM

views 13

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভূটানৰ থিম্বুত উপস্থিত

ভূটানত তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি ভূটানৰ ৰাজধানী থিম্বুত উপস্থিত হৈছেগৈ। থিঙ্কু বিমান বন্দৰত মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ আমন্ত্রণমৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশ ল'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰখন ভ্ৰমণলৈ গৈছে। তিনিদিনীয়া এই ভ্রমণকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰে'ল পথ নিৰ্মাণ সম্পৰ্কেও...