August 23, 2024 12:17 PM

views 27

বৰাক উপত্যকাত মুখ্যমন্ত্রীৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকাত উপস্থিত হৈ শিলান্যাস, ভূমি পূজনকে ধৰি কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ লগতে ঢলাই সমষ্টিৰ অন্তৰ্গত বজালেঙাত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ লক্ষীপুৰৰ শিলঘাটত বৰাক নৈৰ ওপৰত প্রস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৮৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ৩৪০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে জিলাখনৰ যোগাযোগ আৰু পৰিবহন ব্যৱস্থাক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে বৰাক নদীৰ এ...