October 21, 2025 7:23 PM

views 25

জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত ৫ জনক বাক্সা জিলাৰ নিকাচীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্রীতিকৰ ঘটনাৰ বুজ লোৱাৰ বাবে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কুৱেৰী লক্ষ্মী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা ১৫ অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত দুজন লোকৰ চিকিৎসাৰ বাবে ২ লাখ টকাকৈ চেক্ প্রদান কৰে। আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকক এই চেক্ প্ৰদান কৰাৰ লগতে প্রয়ো...