July 10, 2025 10:40 PM July 10, 2025 10:40 PM
9
অসমীয়া ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্রহণ কৰাৰ লগতে অসমীয়া ভাষালৈ অহা ভাবুকি প্ৰতিহত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁলোকৰ চৰকাৰ থকা পর্যন্ত অসমীয়া ভাষাক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ লগতে কয়, যে ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ'ব। অসমত অসমীয়া আইনগত ভাষা আৰু ৰাজ্যিক ভাষা হিচাপে অসমীয়া থাকিবই বুলি তেওঁ কয়।