March 23, 2025 8:29 PM

views 26

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। এই বুৰঞ্জী প্ৰণয়নৰ বাবে ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্রতিশ্রুতি দিছে। জাগীৰোড সমষ্টিৰ ঔজাবীত আজি অনুষ্ঠিত ত্রয়োদশ ত্রিবার্ষিক তিৱা মাথনলাই টা অর্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনত অংশগ্রহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। তিৱা ৰজা জোঙালবলহুৰ বীৰত্বত্ব গাঁথা আৰু জনগোষ্ঠীটোৰ চহকী ঐতিহ্য তথা লোককৃষ্টিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত...