October 21, 2025 11:28 AM

views 20

ডিচেম্বৰৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা প্ৰকাশ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

অহা ডিচেম্বৰৰ বা জানুৱাৰীৰ ভিতৰত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ৩২ কিলোমিটাৰ এলিভেটেড কৰিড'ৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণত অনুমোদন দিছে। উল্লেখযোগ্য যে ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা নুমলীগড় পর্যন্ত পথছোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণী সুৰক্ষাৰ লগতে আন কেতবোৰ কাৰণত চাৰিলেনযুক্ত পথলৈ ...