October 20, 2025 11:43 AM

views 53

প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা

চাহ বাগিচাৰ লাইনৰ ভূমিৰ স্বত্ব বাগিচাৰ শ্ৰমিকক দিয়াৰ উদ্দেশ্যে নৱেম্বৰ মাহত অসম বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাটৰ মৰিয়নীত ঘোষণা কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতিতম দ্বিবার্ষিক সাধাৰণ অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবার্ষিক সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে অহা ২৫ নৱেম্বৰত এই বিধেয়ক উত্থাপন কৰা হ'ব। চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, য...