June 22, 2025 11:12 AM

views 19

৪৯ গৰাকী ৰাজপত্রিত বিষয়াৰ পুনৰ মকৰলৰ কাৰণে দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৪৯ গৰাকী ৰাজপত্রিত বিষয়াৰ পুনৰ মকৰলৰ কাৰণে দিয়া ৰায়ক দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি কালি জানিবলৈ দিয়ে। ৰাজ্যত সম্প্ৰতি স্বচ্ছতা আৰু মেধাৰ ভিত্তিত ১০০ শতাংশ নিযুক্তি প্রক্রিয়া চলি আছে বুলি মন্তব্য কৰি কয়, যে এনে সময়ত পৰহি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে দিয়া ৰায়দানে যুৱক-যুৱতীসকলক হতাশ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসম লোকসেৱা...