October 20, 2025 6:59 PM

views 19

ডিচেম্বৰ-জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপনৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

অহা ডিচেম্বৰৰ পৰা জানুৱাৰী মাহত কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাগৰিত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা জানিবলৈ দিয়ে। ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোটৰ ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত গোটৰ মুৰববী মুন্না প্রসাদ গুপ্তাই পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক সকলো অৱগত কৰিব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই মন্তব্য কৰে।