May 1, 2025 8:09 PM May 1, 2025 8:09 PM
9
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডোফাৰ নামত দেশৰ ৰাজধানীত পথ নামকৰণে জনগোষ্ঠীটোৰ বাবে শক্তিশালী বার্তা দিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ বাবে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বডোফাৰ নামত আজি দেশৰ ৰাজধানীত পথ নামকৰণ কৰা কাৰ্যই জনগোষ্ঠীয় লোকসকলৰ বাবে এটা শক্তিশালী বার্তা বহন কৰিব। এসময়ত হত্যা-হিংসাৰে জৰ্জৰিত বড়োভূমিত সম্প্ৰতি শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। বি টি আৰৰ মুখ...