December 1, 2024 6:26 PM December 1, 2024 6:26 PM

views 4

কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালত ভৱনৰ উদ্বোধন কৰে। এই ভৱনটো প্ৰায় ৩ কোটি ৭৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। ন্যায়িক ভৱনটোৱে লক্ষীপুৰৰ লগতে কাছাৰ জিলা তথা সামগ্ৰিকভাৱে বৰাক উপত্যকাৰ ন্যায়িক ব্যৱস্থাটোক অধিক গতিশীল কৰি তুলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।