March 12, 2025 1:31 PM March 12, 2025 1:31 PM

views 5

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ আৰু ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত এই ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। বিধানসভাত কালি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ হোৱা আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ চৰকাৰ আগবাঢ়িছে। ইয়াৰ অংশ হিচাপে গৱেষণা কাৰ্য সূচল কৰি তোলাৰ লগতে সংৰক্ষণ আৰু নথিভুক্তকৰণৰ ব...