November 3, 2025 6:58 PM

views 37

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

স্নাতক যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে আজি কিছু সময়ৰ পূৰ্বে আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকনো উপস্থিত থাকে। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজা...

May 25, 2025 10:26 AM

views 15

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি যোৱা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া নতুন দিল্লীত প্ৰথমে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা আৰু পাছত আই টি চি হোটেলৰ পৰিচালন সঞ্চালক অনিল ছদ্ধাক সাক্ষাৎ কৰে। বিনিয়োগ সন্মিলনত বিভিন্ন কোম্পানীয়ে দিয়া প্রতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ পৰৱৰ্তী পদক্ষেপৰূপে মুখ্যমন্ত্ৰীগৰাকী...

February 26, 2025 11:56 AM

views 14

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এভাণ্টেজ আচামৰ অংশ হিচাপে আই ৱে'ৰ জৰিয়তে বিকশিত অসম শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ডিজিটেল বিপ্লৱৰ অংশীদাৰ হ'বলৈ অসম সম্পূৰ্ণৰূপে সাজু। ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ব্ৰহ...

February 8, 2025 12:54 PM

views 17

দুমাহৰ ভিতৰত গুৱাহাটীত ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা দুমাহৰ ভিতৰত গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ পলাশবাৰীত আয়োজিত এটা অনুষ্ঠানত ড° শৰ্মাই কালি সাংবাদিকৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে এই প্ৰকল্পৰ ঠিকাৰ বাবে আৱণ্টন দিয়াৰ কথা প্ৰকাশ কৰি কয়, যে অহা দুবছৰৰ ভিতৰত ৰিং ৰোড প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ'ব। এই ৰিং ৰোড প্রকল্প সম্পূৰ্ণ হোৱাৰ পাছত যাতায়াত ব্যৱস্থা অধিক সুচল কৰিবলৈ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকে এটা এলিভেটেড কৰিড'ৰ নি...

January 27, 2025 7:04 PM

views 22

ডিব্ৰুগড়ত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দার্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ড° শৰ্মাই কয়, যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে উৎসর্গিত এই আনন্দালয় ভৱনে দক্ষতা উন্নয়ন প্রশিক্ষণ কেন্দ্ৰ হিচাপে জনজাতীয় সমাজখনক আগবঢ়াই লৈ যাব। এনেধৰণৰ আনন্দালয় ভৱনসমূহে ইতিমধ্যে ৰাজ্যৰ চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে জনজাতীয় সমাজখনলৈ শিক্ষ...

January 26, 2025 12:09 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া ৬ বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তি মন্ত্রী প্ৰশান্ত ফুকন, বিধায়ৰ চক্ৰধৰ গগৈ আৰু বিনোদ হাজৰিকায়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৫৮ ক...

January 20, 2025 1:07 PM

views 16

দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা ড° হিমন্ত বিশ্ব শৰ্মা কালি ছিউলত উপস্থিত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা কালি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হয়। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কালি দক্ষিণ কোৰিয়া চৰকাৰৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰখনৰ বানপ' হানংগা নদী উদ্যান পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো একেধৰণৰ চিন্তা তথা দৰ্শনেৰে গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট প্রকল্প নিৰ্মাণ কৰি থকা হৈ...

December 15, 2024 7:52 PM

views 19

অসম সাহিত্য সভাৰ  পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ আশীৰ্বাদৰ লগতে বজালী অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। ইফালে মন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সচিবপ্রধান ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত এটা দলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অধিবেশনৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়। তদুপৰি দলটোৱে অধিবেশনখন সফল কৰি ...

November 24, 2024 6:53 PM

views 13

১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অহা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত আজি অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জানুৱাৰীত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। দুটা পৰ্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।

November 24, 2024 6:49 PM

views 11

গুৱাহাটীত ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

গুৱাহাটীত অহা বছৰৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ’ব। দিছপুৰত আজি অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে কয় যে দুদিনীয়া বিনিয়োগ সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। বিনিয়োগ আৰু আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰি হবলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত পথ পৰিবহণ, কৃষি, ঔদ্যোগিক, ৰে’লৱে, হাইড্ৰকাৰ্বন উদ্যোগ, অসামৰিক বিমান সেৱা, নৱীকৃত আন্তগাঁথনি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ৰাজ্যখনত বিনিয়োগকাৰীক আকৰ্ষিত ...