September 19, 2024 9:22 PM

views 25

ৰাজ্যত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি, ১২ লাখ হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট

ৰাজ্যত মহিলা সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ জনতা ভৱনৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰি কয় যে, ৰাজ্যৰ ৩৭ লাখ পৰিয়ালে প্ৰতিমাহে এহেজাৰ ২৫০ টকাকৈ সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ ১২৬টা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৈতে আজি এই যাত্ৰা আৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰীয়ে অহা কেইসপ্তাহমানৰ ভিতৰতে এই অভিলাষী আঁচনিৰ অধীনত ১২ লাখ হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা হ'ব বুলি উল্লেখ কৰ...