December 15, 2025 6:37 PM

views 10

দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে অসমৰ বিত্তীয় বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ বিকাশৰ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে কেন্দ্ৰীয় বিত্তীমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।