March 17, 2025 6:59 PM

views 13

হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নিৰ্মাণ হ’বলগীয়া ক্ল’ক টাৱাৰৰ আধাৰশিলা স্থাপন

হোজাইৰ লংকা-নগাঁও পথ সংযোগী বজাৰৰ সন্মুখত নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত নিৰ্মাণ হ'বলগীয়া ক্ল'ক টাৱাৰৰ আজি লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে অনাগত সময়ত লংকা-নগাঁও সংযোগী মূল পথছোৱা পুনৰ নিৰ্মাণ কৰি গৌৰৱ পথ নামেৰে নামকৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত লংকা পৌৰ সভাৰ নেত্ৰী পৰিমিতা ৰয় সাহাকে ধৰি ১১ টা ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে।