August 10, 2025 8:30 PM

views 99

ভাৰতৰ ন্যায়িক ব্যৱস্থা, কাৰ্যপালিকা আৰু বিধানমণ্ডলীয়ে দেশৰ প্ৰতিজন নাগৰিকক ন্যায় প্ৰদান কৰাৰ বাবে সদা-প্রস্তুতঃ ন্যায়াধীশ বি আৰ গাভাই

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে কৈছে যে ভাৰতৰ ন্যায়িক ব্যৱস্থা, কাৰ্যপালিকা আৰু বিধানমণ্ডলীয়ে দেশৰ প্ৰতিজন নাগৰিকক ন্যায় প্ৰদান কৰাৰ বাবে সদা-প্রস্তুত। ন্যায় ব্যৱস্থাৰ এই গোটেইকেইটা স্তম্ভই সহযোগিতাৰে কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয়, যে দেশৰ প্ৰতিজন নাগৰিকক ক্ষীপ্ৰভাৱে আৰু কম খৰচত ন্যায় প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ যথেষ্ট প্রয়োজনীয়তা আছে। ইটানগৰৰ নাহৰলগনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী শাখাৰ নৱনিৰ্মিত ভৱন আজি উদ্বোধন কৰি তেওঁ এনেদৰে উল্লেখ কৰে।