December 20, 2025 12:09 PM

views 16

যাত্ৰীৰ সুবিধাৰ বাবে বিমান কোম্পানীসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে বিমান কোম্পানীসমূহক যাত্ৰীৰ সুবিধাৰ বাবে থকা সকলো নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আৰু ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত বিমানৰ উৰণত অসুবিধাই দেখা দিলে, যাত্ৰীসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত কৰ্মচাৰী থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কালি এখন জাননী জাৰি কৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে কয়, যে কুঁৱলীজনিত কাৰণত বিমানৰ উৰণত বিলম্ব হ’লে যাত্রীসকলক প্রয়োজনীয় সকলো সুবিধা প্রদান কৰিব লাগিব। মন্ত্ৰ্যালয়ে বিবৃতিটোত কয়, যে যাত্ৰীসকলক বিমান উৰণ সন্দৰ্ভত শেহতীয়া তথ্য প...