August 29, 2024 11:42 AM

views 23

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৯০ চনৰ ভাৰতীয় আৰক্ষী বিষয়া দলজিৎ সিং চৌধুৰীক সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীচৌধুৰী বৰ্তমান সশস্ত্র সীমা বল এছ এছ বিৰ সঞ্চালক প্রধান হিচাপে কৰ্মৰত।