December 23, 2024 9:05 PM December 23, 2024 9:05 PM

views 5

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ নতুন বদলিকৰণ নীতি ঘোষণা

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ)য়ে আজি নতুন বদলিকৰণ নীতি ঘোষণা কৰিছে ৷ চি আই এছ এফৰ মহানিৰ্দেশক ড০ কে চি চামান্তাৰে আজি নতুন দিল্লীত এখন সংবাদ মেলত কয়, যে প্ৰথমবাৰৰ বাবে পচন্দ অনুসৰি বদলিকৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয়, যে চি আই এছ এফৰ প্ৰতিগৰাকী জোৱানে বদলিৰ বাবে দহখন ঠাই নিৰ্বাচন কৰাৰ সুযোগ লাভ কৰিব। অৱসৰ ল’বলৈ দুবছৰ থকা জোৱানসকলক অগ্ৰাধিকাৰ ভিত্তিত নিৰ্বাচিত ৩খন ঠাইৰ যিকোনো এখনলৈ বদলি কৰা হ'ব। ছবছৰ কৰ্মৰত মহিলা আৰু দম্পতীসকলেও এই পচন্দ অনুসৰি বদলিকৰণৰ সুবিধা লাভ কৰিব। এই ন...