February 24, 2025 12:12 PM February 24, 2025 12:12 PM

views 4

ঢাকাত ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ১১১ বছৰীয়া জয়ন্তী উপলক্ষে বাংলাদেশৰ ঢাকাৰ ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি কৰা হয়। ভাৰতৰ উচ্চ আয়ুক্ত প্ৰণয় ভার্মাই ঢাকাত ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই প্রদর্শনীখন মুকলি কৰে। উদ্বোধনী ভাষণত উচ্চ আয়ুক্তগৰাকীয়ে কয়, যে ১৯১৩ চনৰ ২১ মে'ত নির্বাক ছবি ৰাজা হৰিশ্চন্দ্ৰৰ মুক্তিৰ পৰা ভাৰতীয় চলচ্চিত্ৰ যাত্ৰা আৰম্ভ হোৱা বুলি বিবেচিত হৈছে আৰু এই যাত্ৰাই ২০২৫ চনত ১১১ বছৰ অতিক্ৰম কৰিছে। উচ্...