September 6, 2025 1:45 PM September 6, 2025 1:45 PM

views 17

অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ

অসম আৰক্ষীৰ চি আই ডিয়ে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ অন্যতম অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ২০১৭চনত মটৰ মাহ বিতৰণক লৈ এই অনিয়ম সংঘটিত হৈছিল। কোভিডজনিত মহামাৰীৰ বাবে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছিল যদিও চি আই ডিয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী সূত্ৰই সদৰি কৰা মতে তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে কালি নিগমত কৰ্মৰত ৩জন বিষয়া-কৰ্মচাৰী ক্ৰমে আল্পনা বড়ো, প্রিয়ংকা হাজৰিকা, দেৱাশীষ সেনগুপ্তাক চি আই ডিয়ে তলব কৰিছে। কালি এই তিনিওজন বিষয়াক কেইবা...