April 7, 2025 11:00 AM

views 25

ধেমাজিত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ সামৰণি

ধেমাজি জিলাৰ চমৰাজানত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ কালি সামৰণি পৰে। কালি মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মুকলি সভাতে ‘বৈধৰ্ভী’ শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে ৯ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ আগেয়ে পানীতোলা স্বর্ণজ্যোতি হাইস্কুল খেলপথাৰৰ সাধনী মহাক্ষেত্ৰৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সদৌ ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত এই শতবার্ষিকী সমাৰোহ অনুষ...